কবিতা আৰু অনুভৱ Chandrama

স্বৰচিত গল্প আৰু কবিতা পাঠ কৰাৰ
লগতে আমাৰ স্বনামধন্য কবি, সাহিত্যিকৰ কবিতা আবৃত্তি কৰিম।

মোৰ এটি প্ৰয়াস, বৰ্তমান সময়ৰ লগত সামঞ্জস্য ৰাখি বিষয় বোৰ আনিম কবিতা - গল্পৰ মাধ্যমেৰে।
বৰ্তমান ঘটি থকা ঘটনা, মানুহৰ অনুভৱ, কিছুমান প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপুৰ ঠাই, ঐতিহাসিক ঠাই ইত্যাদিবোৰ হ'ব মোৰ বিষয়বস্তু।

আপোনাৰ ভাল লাগিলে LIKE 👍SHARE and SUBSCRIBE 🔔কৰিব।

#Assamese #Poem #Story #Literature
#অসমীয়া #সাহিত্য #গল্প #কবিতা
#অসমীয়া_কবিতা #Assamese_poem


কবিতা আৰু অনুভৱ Chandrama

জুবিন দা, আপুনি কায়িক ভাৱে নোহোৱা হোৱাৰ পিছত প্ৰথমটো জন্মদিন।
কাৰোবাৰ জন্মদিনতো যে দুখ লাগে প্ৰথমবাৰ বুজিলোঁ আৰু বহুতেই অনুভৱ কৰিছে। এক গধুৰ মন লৈ সকলোৱে আপোনাক মনত পেলাইছে। আপোনাক হেৰুওৱা দুখটো প্ৰতিজন অসমীয়াৰ আজি পুনৰবাৰ বেছিকৈ উজাইছে।
হয়টো আপোনাৰ জীৱিত কালত চাৰে তিনিকৌটি অসমীয়া জন্মদিনৰ শুভেচ্ছাবাণী পঠোৱা নাছিল। ভবাই নাছিল যে আপোনাক অকালতে হেৰুৱাম বুলি।
আজি ঈশ্বৰ পুত্ৰ, অসমীয়াৰ হিয়াৰ আমঠু, আমাৰ ৰজাৰ আজি জন্মদিন।
যতে আছে তাত কুশলে থাকক 🙏

আপোনাৰ আদৰ্শৰে আগুৱাই যাব অসমবাসী। আমি আপোনাক সদায় হৃদয়ত ৰাখিম আৰু সদায় আপোনাৰ গানতেই জীৱনৰ সংজ্ঞা বিচাৰি পাম।

Happy Birthday legend 🎂🙏💐
#JusticeForZubeenGarg
#জয়_জুবিনদা

10 months ago | [YT] | 1

কবিতা আৰু অনুভৱ Chandrama

সকলোকে কালী পূজা তথা দিপাৱালীৰ শুভেচ্ছা জনালোঁ।

শ্ৰী মা কালীৰ আশীৰ্বাদ ত সকলোৱে বিপদ আপদৰ পৰা মুক্ত থাকক।


পোহৰৰ উৎসৱ দিপাৱালীয়ে মনবোৰ পোহৰাই ৰাখক।

11 months ago | [YT] | 0

কবিতা আৰু অনুভৱ Chandrama

প্ৰতিজন অসমীয়ালৈ বাপতি সাহোন কাতি বিহুৰ আন্তৰিক শুভকামনা যাছিলোঁ 🙏

সেউজীয়া পথাৰ ধানেৰে উপচি পৰক,
বাৰীত ফল মূল, শাক পাছলিৰে ভৰি পৰক,
আৰ্থিক অভাৱ অনাটন দূৰ হওঁক,
ঘৰ, ভঁৰালত উভৈনদী হওঁক ।
সকলোৰে জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনক।
তাৰেই কামনাৰে 🙏

11 months ago | [YT] | 1

কবিতা আৰু অনুভৱ Chandrama

শ্ৰী শ্ৰী লক্ষ্মী দেব্যৈই নমঃ 🙏

কোজাগৰী লক্ষ্মী পূজাৰ শুভকামনা জনালোঁ।

মা লক্ষ্মী সকলোৰে ঘৰলৈ
সুখ শান্তি কঢ়িয়াই আনক,
মনৰ জোখাৰে সুখী হওঁক,
অভাৱ অনাটন দূৰ কৰক,
লোভ, হিংসা আৰু কুবৃত্তি মনৰ পৰা দূৰ হওঁক।


সকলোৱে প্ৰয়োজন আৰু থকাখিনিৰ মাজতে সুখী হওঁক 🙏

11 months ago (edited) | [YT] | 3

কবিতা আৰু অনুভৱ Chandrama

আজি জুবিন দা বিহীন চতুৰ্থ টো দিন,
মানি ল'ব পৰা নাই যে তেখেত নাই আমাৰ মাজত,
জুবিন দাৰ গান শুনিয়ে আমি জীৱনৰ শৈশৱ, বসন্ত পাৰ কৰিছো।
জীৱনৰ প্ৰতিটো মুহূৰ্ত অনুভৱ কৰিব পৰাকৈ জুবিন দাৰ সৃষ্টি ৰাজি।

কেনেকৈ বিদায় দিম তোমাক, জুবিন দা।
" মৃত্যু এতিয়া সহজ" বুলি কৈ,
সঁচাকৈ সহজ কৰি গুচি গ'লা ।
সাগৰ তলিত শুই দিলা ।

অসমবাসী আজি আধৰুৱা, অকলশৰীয়া ।
বিদায় দিব নোৱাৰো,
প্ৰতি দিনে শ্ৰদ্ধাৰে সুৱঁৰিম।

যোৱা, জুবিন দা
নেদেখাজনৰ পৃথিৱীত কুশলে থাকাগৈ ।। 🙏😭

1 year ago | [YT] | 0

কবিতা আৰু অনুভৱ Chandrama

Happy September 😊
New beginning

1 year ago | [YT] | 1

কবিতা আৰু অনুভৱ Chandrama

অম্বুবাচীৰ প্ৰাকমুহূৰ্তত মা কামাখ্যা ওচৰলৈ গ'লো । ৰবিবাৰে ৰাতিপুৱা ৫.৪৫ মিনিটতে ঘৰৰ পৰা ওলালোঁ।

এটা ভাল লগা অভিজ্ঞতা,
নীলাচল পাহাৰত গৈয়ে এক শান্তি।
অম্বুবাচী প্ৰবৃত্তিৰ আগে আগে সেৱা জনাই আহিলোঁ দেৱী মাৰ ওচৰত।


মা কামাখ্যা ই সকলোৰে মঙ্গল কৰক তথা অপায় অমংগল দূৰ কৰক।

youtube.com/shorts/naxilubFY1...

1 year ago (edited) | [YT] | 0

কবিতা আৰু অনুভৱ Chandrama

আজি ২০ জুন, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ মৃত্যু তিথি উপলক্ষে একাজঁলি শ্ৰদ্ধাঞ্জলিৰে তেখেতক সুঁৱৰিছো।

1 year ago | [YT] | 0

কবিতা আৰু অনুভৱ Chandrama

অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ ওলগ জনালোঁ। বিহুটিয়ে সকলোৰে জীৱনলৈ সুখ শান্তি কঢ়িয়াই অনাৰ লগতে সুস্বাস্থ্য কামনা কৰিলোঁ।

1 year ago | [YT] | 0

কবিতা আৰু অনুভৱ Chandrama

ফাগুনৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছাৰে

1 year ago | [YT] | 0